জীৱন প্ৰক্ৰিয়া (Life Process) : NCERT Solutions for Class 10 Science Chapter 6 (জীৱন প্ৰক্ৰিয়া) Question Answer Assamese Medium, HSLC SEBA Class 10 Science Solutions
জীৱন প্ৰক্ৰিয়া (প্ৰশ্নোত্তৰ): দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 6
প্ৰশ্নাৱলী – 1
1. মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্রক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়?
Ans: মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ কোষবোৰৰ পাৰিপাৰ্শ্বিকৰ লগত
প্ৰত্যক্ষভাৱে সম্পৰ্ক নাই। গতিকে শৰীৰৰ প্ৰতিটো কোষে ব্যাপন প্রক্ৰিয়াৰে
অক্সিজেন নাপায়, যাৰ বাবে বহুকোষী জীৱৰ বিশেষ কলা, অংগ আৰু অংগতন্ত্ৰৰ
প্ৰয়োজন।
2. আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক কেনেকৈ ঠাৱৰ কৰিম?
Ans: কোনো এটা জীৱ জীৱিত নে মৃত তাক পৰ্যবেক্ষণৰ দ্বাৰা ঠাৱৰ কৰিব পাৰি।
যদিহে তাৰ চলাচল ক্ষমতা আছে তেন্তে বুজিব লাগিব যে বস্তুটো জীৱ। তদুপৰি
কোনো বাহ্যিক ক্ৰিয়াৰ ভু পালেও বস্তুটো জীৱ বুলি ঠাৱৰ কৰিব পাৰি।
3. জীৱৰ বাবে প্রয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰা আহৰণ কৰে?
Ans: কেঁচা সামগ্ৰী হিচাপে জীৱই খাদ্য, পানী আৰু অক্সিজেন আহৰণ কৰে।
4. জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা?
Ans: জীৱৰ জীৱন বৰ্তি থকাৰ প্রয়োজনীয় প্রক্ৰিয়াবোৰ হ’ল-- পৰিপুষ্টি, শ্বসন,পৰিবহণ, ৰেচন আদি।
প্ৰশ্নাৱলী – 2
1. স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি ?
উত্তৰ: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য –
(i) স্বপোষিত পুষ্টিত সালোক সংশ্লেষণ ঘটে। কিন্ত পৰপোষিত পুষ্টিত সালোক সংশ্লেষণ নঘটে।
( ii) স্বপোষিত পুষ্টি অজৈৱ অণুৰ পৰা নিজৰ খাদ্য সংশ্লেষণ কৰে।
কিন্ত পৰপোষিত পুষ্টি নিজৰ খাদ্য সংশ্লেষন কৰিব নোৱাৰে যদিও আন জীৱদেহৰ পৰা খাদ্য সংগ্ৰহ কৰে।
2. সালোক সংশ্লেণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক’ত ক’ত পায় ?
উত্তৰ: সালোক সংশ্লেণৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰ হ’ল –
(ক) পানী : উদ্ভিদে মাটিৰ পৰা মূলেৰে শোষণ কৰে।
(খ) কাৰ্বন-ডাই-অক্সাইড : বায়ুমণ্ডলৰ পৰা উদ্ভিদে পত্ৰৰন্ধ্ৰৰ মাজেৰে CO2 গ্ৰহণ কৰে।
(গ) ক্ল’লফিল : উদ্ভিদৰ সেউজীয়া পাতত থাকে।
(ঘ) সূৰ্যশক্তি : সূৰ্যৰ পৰা।
3. আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?
উত্তৰ: আমাৰ পাকস্থলীত নিঃসৰিত HCL এছিডৰ ভূমিকা –
(ক) উৎসেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম অব্যাহত ৰাখে।
(খ) বেক্টেৰিয়া ধ্বংস কৰে।
(গ) চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে।
4. পাচক উৎসেচকৰ কাৰ্য কি ?
উত্তৰ: খাদ্যৰ অদ্ৰৱনীয় জটিল, শোষণ অযোগ্য উপাদানবোৰ সৰল শোষণযোগ্য অৱস্থালৈ ৰূপান্তৰিত কৰাত পাচক উৎসেচকবোৰে গুৰুত্বপূৰ্ণ ভূমিকা লয় ।
5. শোষণ হ’ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়?
উত্তৰ: ক্ষুদ্ৰান্ত্ৰত থকা আঙুলি সদৃশ প্ৰৱৰ্ধকবোৰক ভিলাই বোলে। ভিলাইৰ আভ্যন্তৰীণ অংশ অসংখ্য মৌলিক কণাৰে গঠিত। ভিলাইৰ সংকোচন আৰু প্ৰসাৰণক্ষম। ইয়াৰ ফলত আন্ত্ৰিক নলীত থকা সৰল উপাদানবোৰ ভিলাই আৰু কৈশিক নলীকাৰ বেৰ ভেদি অতি সহজে তেজৰ সোঁতত প্ৰবেশ কৰে।
প্ৰশ্নাৱলী – 3
1. শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সূবিধা কি ?
উত্তৰ: জলজ প্ৰাণীযে পানীত দ্ৰৱীভূত অক্সিজেন পানীৰ পৰা শোষণ কৰে, কিন্ত ইয়াৰ শতকৰা পৰিমাণ বায়ুতকৈ পানীত কম।
স্থলচৰ প্ৰাণীবোৰ শ্বাসকাৰ্যৰ বাবে জলজ প্ৰাণীতকৈ অপেক্ষা বেছি পৰিমাণে অক্সিজেন বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে।
2. কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লক’জ জাৰিত হৈ শক্তি উৎপন্ন হয়?
উত্তৰ :
3. মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?
উত্তৰ : মানুহৰ দেহত অক্সিজেন (02) আৰ কাৰ্বন ডাই-অক্সাইড (C02) ৰ পৰিবহণ তলত উল্লেখ কৰা ধৰণে হয়।
অক্সিজেন (02) ৰ পৰিবহণ:
(i) তেজৰ লোহিত ৰক্তকণিকাত থকা হিম'গ্লবিন নামৰ শ্বাস ৰঞ্জকবিধৰ সহায়ত মানুহৰ দেহত অক্সিজেন (02) পৰিবাহিত হয়৷
(ii) হিম’গ্ল'বিন অক্সিজেন (02) ৰ চাৰিটা অণুৰ সৈতে সংযোগ হৈ
অক্সিহিম’গ্ল'বিন নামৰ এটা অস্থিৰ যৌগ গঠন কৰে, তাৰ দ্বাৰাই তেজক
অক্সিজেনযুক্ত কৰে |
অক্সিজেন + হিম’গ্ল'বিন -------> অক্সিহিম’গ্ল’বিন
(02) (লোহিত ৰক্তকণিকাত থকা) (অস্থিৰ যৌগ)
কাবন ডাই-অক্সাইড (C02) ৰ পৰিবহণ:
(i) শ্বসন প্ৰক্ৰিয়া সময়ত উৎপন্ন হোৱা কাৰ্বন ডাই-অক্সাইড (CO2) তেজে সংগ্ৰহ কৰে যিবোৰ পিছলৈ অক্সিজেনবিহীন হৈ পৰে।
(ii) হিম'গ্ল'বিনৰ কাৰ্বন ডাই-অক্সাইড (CO2) ৰ প্ৰতি আসক্তি অতি কম আৰু কাৰ্বন ডাই-অক্সাইড অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়, সেয়েহে ই তেজত মুখ্যতঃ দ্ৰৱণীয় ৰূপত পৰিবাহিত হয়।
4. প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠিত হৈছে ?
উত্তৰ : হাওঁফাওঁৰ ভিতৰত থকা ক্লোমনলী কিছু দূৰ তললৈ নামিয়েই ক্লোমনলীটো দুটা শাখাত বিভক্ত হৈছে। এই শাখা দুটাক ক্লোম শাখা। ক্লোম শাখাৰ প্ৰত্যেকটোৱে ভাগ হৈ শেষত গৈ সৰু সৰু অসংখ্য ঠাল-ঠেঙুলিত পৰিণত হয়। এইবোৰক ক্লোম প্ৰশাখা বোলে।
ঠেঙুলিৰ মূৰবোৰ ফোঁপোলা আৰু বেলুন সদৃশ বায়ুকোষ থাকে । বায়ুকোষবোৰৰ বেৰ অন্ত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। ইহঁতৰ ভিতৰেদি অক্সিজেন আৰু কাৰ্বন ডাই অক্সইড গেছৰ বিনিময় ঘটে।
প্ৰশ্নাৱলী – 4
1. মানুহৰ পৰিবহণ তন্ত্ৰৰ মূখ্য ভাগ কেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি ?
উত্তৰ : মানুহৰ ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত মূখ্য ভাগকেইটা হৈছে- হৃদযন্ত্ৰ, তেজ আৰু ৰক্তবাহিকা।
ৰক্ত পৰিবহণ তন্ত্ৰৰ লগত জড়িত বিভিন্ন অংশসমূহৰ কাৰ্য তলত দিয়া হ’ল,
(ক) হৃদযন্ত্ৰ : হৃদযন্ত্ৰই গোটেই দেহতে ৰক্ত সঞ্চালন কৰে। ই ৰক্ত সঞ্চালনৰ জৰিয়তে দেহত অক্সিজেনৰ নিয়মীয়া যোগান নিশ্চিত কৰে। হৃদযন্ত্ৰত থকা নিলয়ে অক্সিজেনবিহীন আৰু অক্সিজেনযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে।
(খ) তেজ : তেজে দেহৰ বিভিন্ন অংশলৈ অক্সিজেন কঢ়িয়াই নিয়ে। দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত ই সহায় কৰে। তেজে উৎপন্ন কৰা এন্টিবডিয়ে বাহিৰৰ পৰা সোমোৱা বস্তুৰ অনিষ্টকাৰী প্ৰভাৱ প্ৰশমণ কৰে।
(গ) ৰক্তবাহিকা : ধমনীয়ে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ বিশুদ্ধ তেজ পৰিবহণ কৰে। সিৰাই দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে। ধমনী আৰু সিৰাত থকা ভালভ্ সমূহে তেজৰ বিপৰীতমুখী প্ৰৱাহত বাধা দিয়া।
2. পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন ?
উত্তৰ : জীৱন প্ৰক্ৰিয়াৰ বাবে স্তন্যপায়ী প্ৰণী আৰু পক্ষীবোৰৰ যথেষ্ট পৰিমাণে শক্তি প্ৰয়োজন। অক্সিজেন যুক্ত তেজ খাদ্যৰ উপাদান সমূহক ভাঙি দি শক্তি উৎপন্ন কৰে আৰু এই শক্তি জীৱন প্ৰক্ৰিয়া চলাৰ কাৰণে খৰচ হয়।
3. উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি ?
উত্তৰ : উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ হ'ল - জাইলেম আৰু ফ্ল'ৱেম ।
(ক) পানী আৰু খনিজ দ্ৰব্যৰ পৰিবহণ : জাইলেম নলীকাই এই পদাৰ্থবোৰ মাটিৰ পৰা শোষণ কৰি দেহৰ অন্যান্য অংশলৈ পৰিবহণ কৰে।
(খ) খাদ্য আৰু অন্য পদাৰ্থৰ পৰিবহণ : পাতত প্ৰস্তুত হোৱা আহাৰ ফ্ল’ৱেমৰ জৰিয়তে দেহৰ অন্যান্য অংলৈ যায়।
4. উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?
উত্তৰ : উদ্ভিদে জাইলেম কলাৰ জৰিয়তে পানী আৰু খনিজ লৱণ মাটিৰ পৰা পাতলৈ কঢ়িয়াই লৈ যায়। শিপাত থকা আয়নৰ গীঢ়তা আৰু মাটিত থকা খনিজ লৱণযুক্ত আয়নৰ গাঢ়তাৰ পাৰ্থক্যৰ বাবে শিপাৰে পানী ভিতৰত সোমায় আৰু বাহিৰৰ উচ্চ চাপে পানীক ওপৰলৈ উঠাই নিয়াত সহায় কৰে। তদুপৰি বাষ্পমোচনৰ বাবে পানী বায়ুমণ্ডলত এৰি দিয়া বাবে পানী শোষণত সহায়ক হয়।
5. উদ্ভিদৰ দেহত খাদ্যৰ সংক্ৰমণ কেনেকৈ হয়?
উত্তৰ : উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা খাদ্যবস্তু দেহৰ বিভিন্ন অংগলৈ ফ্ল’ৱেমৰ দ্বাৰা স্থানান্তৰ কৰা প্ৰক্ৰিয়াক খাদ্য স্থানান্তৰ বোলে।
উদ্ভিদৰ পাতৰ কোষত সঞ্চিত খাদ্যদ্ৰব্য
↓
দ্ৰৱীভূত অৱস্থাত খাদ্যদ্ৰৱ্য ফ্ল’ৱেম কলাত প্ৰৱেশ কৰে
↓
ফ্ল’ৱেম কলাৰ মাজেৰে উদ্ভিদৰ দেহত ঊৰ্ধ্বমূখী, অধ:মূখী আৰু পাৰ্শ্বীয় এই তিনিও দিশৰে উদ্ভিদৰ সকলো অংগলৈ খাদ্যৰ সংবহন হয়।
প্ৰশ্নাৱলী – 5
1. নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।
উত্তৰ : নেফ্ৰনৰ গঠন :বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা
থাকে। এই ৰক্তজালিকাবোৰ লগ-লাগি কাপসদৃশ নলীকা গঠন হয়। প্ৰতিটো বৃক্কত
এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে । এইবোৰক নেফ্ৰন বোলে।
নেফ্ৰন হ'ল বৃক্কৰ এক প্ৰাথমিক কাৰ্যকৰী একক । প্ৰতিটো বৃক্কতে 1-2 নিযুত নেফ্ৰন থাকে ।
নেফ্ৰনৰ কাৰ্য : নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্ল’কজ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। তেজত দ্ৰৱীভূত হৈ থকা বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি পানী ভাগ অধিশোষণ হয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকাৰে মূত্ৰনলীলৈ সোমাই আহে।
চিত্ৰ : নেফ্ৰনৰ গঠন
2. উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
উত্তৰ : উদ্ভিদে ৰেচন পদাৰ্থবোৰ বিভিন্ন পদ্ধতিৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে-
(ক) গেছীয় পদাৰ্থ : উদ্ভিদে শ্বাসকাৰ্যৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাধ্যমে CO2 গেছ আৰু সালোক সংশ্লেষণৰ সময়ে O2 ত্যাগ কৰে।
(খ) তৰল পদাৰ্থ : প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পত্ৰৰন্ধ্ৰৰ মাধ্যমে গছে তৰল বৰ্জিত পদাৰ্থ ত্যাগ কৰে।
(গ) অন্যান্য বৰ্জিত পদাৰ্থ : অন্যান্য বৰ্জিত পদাৰ্থ যেনে ৰেজিন আৰু আঠা আদি গছৰ পৰ্ব আৰু পৰ্ব-মাধ্যৰ মাজেৰে ওলাই আহে।
3. কেনেকৈ মূত্ৰ উৎপাদন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি?
উত্তৰ : মূত্ৰ উৎপাদনৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত বৃক্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মূত্ৰ উৎপাদনৰ পৰিমাণ নিৰ্ভৰ কৰে বিশেষকৈ নেফ্ৰনৰ দ্বাৰা অধিশোষণ কৰা পানীৰ পৰিমাণৰ ওপৰত। যদি দেহত অতিৰিক্ত পানী বেছি থাকে তেতিয়া অধিশোষণ কম হয় আৰু মূত্ৰ বেছি উৎপাদন হয়। আকৌ দেহত পানীৰ পৰিমাণ কম হ’লে নেফ্ৰনে বেছি পৰিমাণে পানী অধিশোষণ কৰে ফলত মূত্ৰ উৎপাদন কম হয়। ইয়াৰ উপৰি বৰ্জিত পদাৰ্থ-ইউৰিয়া, ইউৰিক এচিড, লৱণ আদিৰ পৰিমাণ বেছি হ’লে মূত্ৰ উৎপাদন বেছি হয় আৰু কম হলে মূত্ৰ উৎপাদন কম হয়।
অনুশীলনী - 6
1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ-
ক) পৰিপুষ্টি
খ) শ্বসন
গ) ৰেচন
ঘ) পৰিবহন
উত্তৰ: গ) ৰেচন
2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ’ল-
ক) পানীৰ পৰিবহন
খ) খাদ্যৰ পৰিবহন
গ) এমিন’ এচিডৰ পৰিবহন
ঘ) অক্সিজেনৰ পৰিবহন
উত্তৰ: ক) পানীৰ পৰিবহন
3. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-
ক) কাৰ্বন-ডাই-অক্সাইড আৰু পানী
খ) পত্ৰহৰিত্
গ) সূৰ্যৰ পোহৰ
ঘ) ওপৰৰ আটাইকেইটা
উত্তৰ: ঘ) ওপৰৰ আটাইকেইটা
4. পাইৰুভেট অণু ভাঙি কাৰ্বন-ডাই-অক্সাইড, পানী আৰু শক্তি উত্পন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়-
ক) চাইট’প্লাজমত
খ) মাইট’ন্ডিয়াত
গ) ক্ল’ৰপ্লাষ্টত
ঘ) কোষকেন্দ্ৰত
উত্তৰ : খ) মাইট’ন্ডিয়াত
5. আমাৰ দেহত কেনকৈ চৰ্বীসমূহ পাচন হয় ? এই প্ৰক্ৰিয়াটো ক’ত সংঘটিত হয় ?
উত্তৰ: চৰ্বীসমূহ ক্ষুদ্ৰান্ত্ৰত বৃহৎ আকাৰত থাকে৷ এইবোৰৰ ওপৰত ক্ৰিয়া কৰাটো উৎসেচকসমূহৰ বাবে কঠিন হয়৷ পিত্ত লৱণৰ উপস্হিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পাছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে৷ অৱশেষত ক্ষুদ্ৰান্ত্ৰ ৰসত থকা উৎসেচকে চৰ্বীসমূহ ফেটি এছিড আৰু গ্লিচাৰিলৈ ৰূপান্তৰ কৰে৷ যি ৰূপত ক্ষুদ্ৰান্ত্ৰৰ বেৰে এইবোৰক শোষণ কৰি লয়৷
চৰ্বীসমূহৰ পাচন প্ৰক্ৰিয়াটো পক্ষুদ্ৰান্ত্ৰত সংঘটিত হয়৷
6. পাচনত লালটিৰ ভূমিকা কি?
উত্তৰ: লালটিয়ে পাচন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুখৰ লালটিয়ে খাদ্যৰ লগত মিহলি হৈ খাদ্যখিনি পিচল কৰি তোলে। ইয়াৰ ফলত খাদ্যখিনি খাদ্যনলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। লালটিত থকা পাচক উৎসেচক এমাইলেজে মুখ গহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তন কৰে।
7. স্বপোষীত পৰিপুষ্টিত কাৰণে কি কি কাৰকৰ প্ৰয়োজন? ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি?
উত্তৰ :স্বপোষীত পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হ’ল- সূৰ্যৰ পোহৰ, ক্ল’ৰফিল, কাৰ্বন ডাই অক্সাইড আৰু পানী। ইয়াৰ উপজাত পদাৰ্থবোৰ হল- গ্লক’জ, অক্সিজেন আৰু পানী।
8. সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি ? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।
উত্তৰ:
সবাত শ্বসন |
অবাত শ্বসন |
(i) অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় |
(i) অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় |
(ii) গ্লুকজ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কার্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। |
(ii) গ্লুকজ অণু আংশিকভাৱে জাৰিত হৈ কার্বন ডাই অক্সাইড, ইথাইল এলকহল বা লেক্টিক এছিড আৰু শক্তি উৎপন্ন হয়। |
(iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক। |
(iii) উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম। |
(iv) ই মাইটকন্ড্ৰিয়াত সংঘটিত হয়। |
(iv) ই কোষকেন্দ্ৰত সংঘটিত হয়। |
সবাত শ্বসন সম্পাদন কৰা প্ৰাণী নাম হ'লঃ মানুহ ৷
অবাত শ্বসন সম্পাদন কৰা প্ৰাণী নাম হ'লঃ ইষ্ট ৷
9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?
উত্তৰ : হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ বায়ুকোষত পৰিণত হয়। বায়ুকোষবিলাকত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। এনে অসংখ্য বায়ুকোষ হাওঁফাওঁত গঠন হয়। আমি উশাহ লোৱাৰ সময়ত হাওঁফাওঁৰ আয়তন বৃদ্ধি হোৱাৰ লগে লগে বায়ুকোষবিলাকৰ আয়তন বাঢ়ে। ফলত প্ৰচুৰ শ্বসন গেছ বিনিময় হ’ব পৰাকৈ বায়ুকোষবিলাকৰ পৃষ্টকালি বাঢ়ে। ৰক্তকেশিকাৰ পৰা কাৰ্বন ডাই অক্সাইড বায়ুকোষলৈ ওলাই যায়। আৰু বায়ু কোষত সোমোৱা অক্সিজেন ৰক্তকেশিকাই গ্ৰহণ কৰে।
10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ’লে কি হ’ব?
উত্তৰ : আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে আমাৰ দেহত শক্তিৰ অভাৱে দেখা দিব, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব অৰ্থাৎ দুৰ্বলতা, বিবৰ্ণতা, ভাগৰ আদিৰ দৰে লক্ষণসমূহে দেখা দিব৷
11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি?
উত্তৰ: মানুহৰ হৃদযন্ত্ৰটো দুটা পক্ষ - এটা সোঁপক্ষ আৰু আনটো বাওঁপক্ষ। হৃদযন্ত্ৰৰ সোঁপক্ষ অক্সিজেন বিহীন তেজ গ্ৰহণ কৰি বিশুদ্ধ হোৱাৰ বাবে হাওঁফাওঁ লৈ পঠিয়াই দিয়ে। আকৌ, হৃদযন্ত্ৰৰ বাওঁপক্ষ অক্সিজেন যুক্ত তেজ গ্ৰহণ কৰে আৰু ৰক্ত কেশিকাৰ মাধ্যমে শৰীৰৰ বিভিন্ন অংগলৈ প্ৰৰণ কৰে। ইয়াক দ্বি-সঞ্চালন বোলে।
দ্বৈত পৰিবহনৰ প্ৰয়োজন হ'ল-
(i) অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে।
(ii) দেহৰ কোষসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰা, যিয়ে মানুহৰ দেহত অক্সিজেনৰ নৈপুন্য বৃদ্ধি কৰে ৷
12. জাইলেম আৰু ফ্লু’ৱেম দ্ৰৱ্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?
উত্তৰ:
জাইলেম | ফ্লু’ৱেম |
(i) মাটিৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়। | (i) অক্সিজেনৰ অনুপস্থিতত দ্ৰৱীভূত খাদ্য দ্ৰব্য , এমিন' এছিড আদি পৰিবহন কৰে৷ |
(ii) নিষ্ক্ৰিয় পৰিবহণ যিহেতু শক্তিৰ প্ৰয়োজন নহয়। | (ii) সক্ৰিয় পৰিবহণ হয়। |
(iii) খনিজ পদাৰ্থৰ পৰিবহণ ট্ৰেকাইড আৰু ভেছেলৰ মাধ্যমে ঘটে। | (iii) চালনী নলীকা আৰু সংগী কোষৰ মাধ্যমে জৈৱ আহাৰ পৰিবাহিত হয়। |
13. হাওঁফাওঁৰ বায়োকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।
উত্তৰ:
বায়োকোষ | নেফ্ৰন |
(i) হাওঁফাওঁ সাংগঠনিক আৰু কাৰ্যকৰী একক। | (i) বৃক্ক গঠৰ প্ৰাথমিক একক। |
(ii) তেজৰ পৰা CO2 বাহিৰ কৰে। | (ii) তেজৰ পৰা নাইট্ৰ’জেন বৰ্জিত পদাৰ্থ বাহিৰ কৰি দিয়ে। |
(iii) বায়ুকোষৰ বেৰ অত্যন্ত পাতল। বেৰত অসংখ্য ৰক্তবাহী কৈশিক নলী জালৰ দৰে ছাটি থাকে। | (iii) নেফ্ৰন দেখাত কাপৰ দৰে। |
Read More: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (প্ৰশ্নোত্তৰ) অধ্যায় -1
☛Related Questions: