Aug 26, 2021

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (প্ৰশ্নোত্তৰ): দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় - 1

 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (অনুশীলনীৰ প্ৰশ্নোত্তৰ) অধ্যায় - 1

১। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ ?

     2PbO(S) + C(S) → 2Pb(S) + CO2(g)

(a) লেড বিজাৰিত হৈছে।

(b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে।

(c) কাৰ্বন জাৰিত হৈছে।

(d) লেড অক্সাইড বিজাৰিত হৈছে।

     (i) (a) আৰু (b)

     (ii) (a) আৰু (c)

     (iii) (a),(b) আৰু (c)

     (iv) সকলো

উত্তৰ : অশুদ্ধ উক্তিবোৰ হ’ল :  (i) (a) আৰু (b)

২। Fe2O3 + 2Al → Al2O3 + 2Fe

উপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ

(a) এটা সংযোজন বিক্ৰিয়াৰ

(b) এটা দ্বিঅপসাৰণ বিক্ৰিয়াৰ

(c) এটা বিযোজন বিক্ৰয়াৰ

(d) এটা অপসাৰণ বিক্ৰিয়াৰ

উত্তৰ : (d) এটা অপসাৰণ বিক্ৰিয়াৰ।

৩। কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্লৰিক এচিড লোৰ গুৰিত যোগ কৰা হয় ? শুদ্ধ উত্তৰটি বাচি উলিওৱা।

     (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।

     (b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্ৰ’ক্সাইড উত্পন্ন হয়।

     (c) বিক্ৰিয়া নঘটে।

     (d) আইৰন লৱণ আৰু পানী উত্পন্ন হয়।

উত্তৰ : (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উত্পন্ন হয়।

৪। সন্ত্তলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসানিক সমীকৰণ সমূহ কিয় সন্ত্তলিত কৰিব লাগে?

উত্তৰ : ৰাসায়নিক বিক্ৰিয়া এটাত বিক্রিয়াজত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ (পৰমাণুৰ সংখ্যা) বিক্রিয়ক মৌলবোৰৰ মুঠ ভৰৰ (পৰমাণুৰ সংখ্যা) সমান হলে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।

     ৰাসায়নিক বিক্ৰিয়াত কোনো পৰমাণুৰ সৃষ্টি বা ধ্বংস নহয়, সিহঁতৰ স্থানৰহে সাল-সলনি হয়। সেইবাবে সমীকৰণৰ বাওঁফালৰ বিভিন্ন পৰমাণুবিলাকৰ মুঠ সংখ্যা, সোঁফালৰ সেই পৰমাণু বিলাকৰ মুঠ সংখ্যাৰ সমান হ’ব লাগিব।

     2H2 + O2 → 2H2O2

     ওপৰৰ সমীকৰণটোত হাইড্ৰ’জেন পৰমাণুৰ সংখ্যা কাঁড় চিনৰ দুয়োফালে একে। তেনেদৰে অক্সিজেনৰ পৰমাণুৰ সংখ্যাও একে।

৫। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্ত্তলন কৰা।

(ক) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্ত্তত কৰে।

উত্তৰ: 3H2(g) + H2(g) → 2NH3(g)

(খ)হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উত্প্ন কৰে।

উত্তৰ: 2H2S(g) + 3O2(g) → 2H2O(l) + 2SO2(g)

(গ) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধ:ক্ষেপ উত্পন্ন কৰে।

উত্তৰ : 3BaCl2(aq) + Al(SO4)3(aq) → 2AlCl3(aq) + 3BaSO4(s)

(ঘ) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন গেছ উত্পন্ন কৰে।

উত্তৰ : 2K(s) + 2H2O(l) → 2KOH + H2(g)

৬। তলৰ ৰাসায়নিক সমীকৰণ সমূহ সন্ত্তলন কৰা।

HNO3 + Ca(OH)2 → Ca(NO3)2 + H2ONaOH + H2SO4 → Na2SO4 + H2ONaCl + AgNO3 → AgCl + NaNO3BaCl2 + H2SO4 → BaSO4 + HCL

উত্তৰ : (a) 2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

(b) 2NaOH + H2SO4 → Na2Sa4 + 2H2O

(c) NaCl + AgNO3 → AgCl + NaNO3

(d) BaCl2 + H2SO4 → BaSO4 + 2HCL

 ৭। তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্ত্তলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

(ক) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ।

(খ) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ।

(গ) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ।

(ঘ) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড।

উত্তৰ : (ক) Ca(OH)2 + CO2 → CaCO3 + H2O

(খ) Zn + 2AgNO3 → Zn(NO3) + 2Ag

(গ) 2Al + 3CuCl2 → 2AlCl3 + 3Cu

(ঘ) BaCl2 + K2SO4 → BaSO4 + 2KCL

৮। তলত দিয়াবোৰৰ বাবে সন্ত্তলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।

(ক) পটেছিয়াম ব্ৰমাইড(aq) + বেৰিয়াম অক্সাইড(aq) → পটেছিয়াম অক্সাইড(aq) + বেৰিয়াম ব্ৰমাইড(s)

(খ) যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g)

(গ) হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)

(ঘ) মেগনেছিয়াম(s) + হাইড্ৰ’ক্লৰিক এছিড(aq)  →  মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)

উত্তৰ : (ক) 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(s)

(খ) ZnCO3(s) → ZnO(s) + CO2(g)

(গ) H2(g) + Cl2(g) → 2HCl(g)

(ঘ) Mg(s) + 2HCl(aq) → MgCl2(aq) + H2(g)

৯। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰীয়া বুলিলে কি বুজা ? উদাহৰণ দিয়া।

উত্তৰ : যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয়, সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়।

যেনে – CH4(g) + 2O2(g) → CO2(g) + 2H2O (g)

আনহাতে, যিবোৰ বিক্ৰিয়াত তাপ (শক্তি) শোষণ হয়, সেইবোৰক তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়।

          যেনে – H2(g) + I2(g) → 2HI(g) – 52.2 কি. জুল।

১০। শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ।

উত্তৰ : শ্বাস কাৰ্যত অক্সিজেনৰ উপস্থিতিত গ্লুক’জ জাৰিত হৈ CO2, H2O আৰু তাপশক্তি উদ্ভৱ হয়। যিহেতু শ্বাসকৰ্য চলাৰ সময়তে তাপশক্তি উদ্ভৱ হয়, সেইবাবে শ্বাসকাৰ্যক তাপবৰ্জী বিক্ৰিয়া বোলে।

১১। বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।

উত্তৰ : এটা বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ দুই বা ততোধিক পদাৰ্থ অংশলৈ ভাঙি যায়।

CaCO3 → CaO + CO2

আকৌ, এটা সংযোজনত, দুই বা ততোধিক মৌল অথবা যৌগ মিলন হৈ এটা নতুন পদাৰ্থ গঠন কৰে।

     CO2 + CaO → CaCO3,2SO2 + O2(g) → 2SO3(g)

গতিকে বিযোজন আৰু সংযোজন বিক্ৰিয়া দুটা পৰস্পৰ বিপৰীত বিক্ৰীয়া।

১২। তাপ, পোহৰ আৰু বিদ্যুত্ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰ :
(i) CaCO3(s) (তাপ)→  CaO(s) + CO2(g)

(ii) 2AgBr (সূৰ্যৰশ্মি)→  2Ag + Br2(g)

(iii) 2H2O (বিদ্যুত শক্তি)→  2H2(g) + O2(g)

১৩। অপসাৰণ আৰু দ্বিঅপসাৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰ : এটা অপসাৰণ বিক্ৰিয়াত অধিক সক্ৰিয় ধাতু, কম সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা স্থানান্তৰ কৰিব পাৰে। যেনে – Zn(s) + CuCl2(aq) → ZnCl2(aq) + Cu(s)

কিন্তু, দ্বিঅপসাৰণ বিক্ৰিয়াত দুই বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময়ৰ দ্বাৰা নতুন যৌগ গঠন কৰে। যেনে- NaOH + HCl → NaCl + H2O

১৪। ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত হয়। জড়িত বিক্ৰিয়াটো লিখা।

উত্তৰ : বিক্ৰিয়াটো হ’ল –

     Cu + 2AgO3 → Cu(NO3) + 2Ag

১৫। অধ:ক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰ : যি বিক্ৰিয়াত বিকাৰকবোৰ বিক্ৰিয়া কৰি এটা অদ্ৰৱনীয় পদাৰ্থ গঠন কৰে। এই অদ্ৰৱনীয় পদাৰ্থক অধ:ক্ষেপ বোলে। অধ:ক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধ:ক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয়।

যেনে – AgNO3(aq) NaCl(aq) → AgCl(বগা অধ:ক্ষেপ)(s) + NaNO3(aq)

১৬। অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

(ক) জাৰণ।

(খ) বিজাৰণ।

উত্তৰজাৰণ : যি বিক্ৰিয়াত কোনো এটা পদাৰ্থত অক্সিজেন যোগ হোৱাটোকে জাৰণ বোলে।
যেনে-
S + O2 → SO2

2Cu + O2 → 2CuO

বিজাৰণ : যিবোৰ ৰাসায়নিক বিক্ৰিয়াত হাইড্ৰজেন যোগ হয় আৰু অক্সিজেন অপসৰণ হয়, তেনেবোৰ বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয়।

     যেনে – H2 + Cl2 → 2HCl

     ZnO + C → Zn + CO

১৭। এটা উজ্বল মুগা ৰঙৰ মৌল X ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল X আৰু উত্পন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰ : উজ্বল মুগা ৰঙৰ মৌল X হৈছে কপাৰ (Cu) ধাতু। ই বায়ুত জাৰিত হৈ কপাৰ অক্সাইড (CuO) গঠন কৰে, যাৰ বৰণ ক’লা হয়।

   2Cu(s) + O2(g) (তাপ)→ 2CuO(s)

১৮। লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ : লোৰে নিৰ্মিত বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয়, কৰণ ৰঙৰ প্ৰলেপে মামৰে ধৰাৰ পৰা ৰক্ষা কৰিব পাৰি। যেতিয়া বস্তুবোৰৰ পৃষ্ঠত ৰঙৰ প্ৰলেপ কৰা হয়, তেতিয়া ধাতুৰ পৃষ্ঠত অক্সিজেন আৰু বায়ুৰ আৰ্দ্ৰৰ সংস্পৰ্শত আহিব নোৱাৰে। গতিকে মামৰে ধৰাৰ পৰা ৰক্ষা পৰে।

১৯। তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰ : তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেন গেছৰ পৰিবেশত পেকেটত ভৰোৱা হয়, কাৰণ তেল আৰু চৰ্বিযুক্ত খাদ্য সোনকালে জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। নাইট্ৰ’জেন গেছৰ মাধ্যমে পেকেটত ভৰোৱা খাদ্যবস্তু জাৰিত হোৱাত বাধা দিয়ে আৰু খাদ্যবস্তু ভালে থাকে। খাদ্য সামগ্ৰী শীতল যন্ত্ৰত ৰখাৰ ফলত ভাল আৰু চেচাঁ থাকে।

২০। এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।

(ক) ক্ষয়ীভৱন।

(খ) চৰ্বিৰ দুৰ্গন্ধিতা।

উত্তৰ : (ক) ক্ষয়ীভৱন: যেতিয়া ধাতুবোৰ বায়ু, পানী বা জলীয় বাষ্পৰ সংস্পৰ্শত আহিলে, বায়ুৰ অক্সিজেন, CO2 বা জলীয় বাষ্পৰ লগত ৰাসায়িক বিক্ৰিয়া ঘটি ধাতুৰ ক্ষয় হয়। এই প্ৰক্ৰিয়াটোক ধাতুৰ ক্ষয়ীভৱন বোলে। উদাহৰণস্বৰুপে – লোৰ টুকুৰা এটা খোলা ঠাইত ৰাখি দিলে সেই লোৰ টুকুৰাত মামৰে ধৰে। এই মামৰে ধৰা একেধৰণৰ ক্ষয়ীভৱন।

(খ) চৰ্বিৰ দুৰ্গন্ধিতা: তেল আৰু চৰ্বি থকা খাদ্যবস্তু দীর্গসময় ৰাখিলে জাৰিত হৈ পচি যায় আৰু দুৰ্গন্ধ নিৰ্গত হয়। যেনে - গ্ৰীষ্মকালত মুকলি ঠাইত মাখন বহুদিন ধৰি সাধাৰণ উষ্ণতাত ঘৰত ৰাখিলে দুৰ্গন্ধ নিৰ্গত হয় আৰু স্বাদ সলনি হয়। অৰ্থাৎ যি প্ৰক্ৰিয়াত খাদ্যবস্তু গলি পচি যায়, তাক চৰ্বিৰ দুৰ্গন্ধিতা বোলে। 


ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (পাঠভিক্তিক প্ৰশ্নোত্তৰ)


প্ৰশ্নাৱলী : ১ (Page- 6)

১। বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে কিয় ?

উত্তৰ : বায়ুত দহনৰ আগতে মেগেনছিয়ামৰ ফিটা এডাল পৰিস্কাৰ কৰি ল’ব লাগে। কাৰণ অপৰিস্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিব পাৰে।

2Mg         +              O2            →            2MgO

২। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তলিত সমীকৰণ লিখা।

(ক) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড

(খ) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

(গ) ছডিয়াম + পানী → ছডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন।

উত্তৰ : (ক)H2 + Cl2  →           2HCl

 (খ) BaCl2 + Al2 (SO4)3   →   BaSO4 + AlCl3

(গ) 2Na + 2H2O   →   2NaOH + H2

৩। তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিণ্হ সহ একোটা সন্ত্তলিত ৰাসায়নিক সমীকৰণ লিখা।

(ক) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।

(খ)ছডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ(পানীত) হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম  ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উত্পন্ন কৰে।

উত্তৰ : (ক)  BaCl2 (aq) + Na2SO4 (aq)    →    BaSO4

(খ)  NaOH (aq) + HCL  →    NaCl + H2O
 

প্ৰশ্নাৱলী : 2 (Page- 10)

১। এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ ব্যৱহাৰ কৰা হয়।

(ক) পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা।

(খ) পানীৰে সৈতে পদাৰ্থ X  এ কৰা বিক্ৰিয়াটো লিখা।

উত্তৰ :  (ক) X হল পোৰা চূণ আৰু ইয়াৰ সংকেত CaO ।

(খ) CaO + H2O → Ca (OH)2

2। কাৰ্যকলাপ  1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰীমানৰ দুগুণ কিয় ? এই গেছটোৰ নাম লিখা।

উত্তৰ :  যেতিয়া হাইড্ৰজেন আৰু অক্সিজেন অনুপাতত মিলিত হয়, তেতিয়া পানী উৎপন্ন হয়। অৰ্থাৎ পানীৰ অনু দুটা হাইড্ৰজেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণুৰ দ্বাৰা গঠিত ( H আৰু O ৰ অনুপাত 2:1) , সেইবাবে পানীৰ সংকেত H2O
 

প্ৰশ্নাৱলী : 3 (Page- 13)

১। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

উত্তৰ : কপাৰ ছালফেট দ্ৰৱণত এটা লোৰ গজাল ডুবালে, কপাৰ ছালফেটৰ নীলা বৰণৰ পৰিবৰ্তন ঘটে। লো, কপাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে, ই কপাৰক অপসাৰণ কৰি ফেৰাছ ছালফেট  আৰু কপাৰ উৎপন্ন হয়।

          Fe(S) + CuSO4(aq) → FeSO4(aq) + Cu(S)

২। কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্ৰিয়াৰ উদাহৰণ দিয়া।

উত্তৰ : Pb(HO3)2 + 2HCL → PbCl2(S) + 2HNO3

৩। তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদৰ্থসমূহ বাচি উলিওৱা।

4Na(S) + O2(g) → 2Na2O(S)CuO(S) + H2(g) → Cu(S) + H2O(L)

উত্তৰ : (i) ছডিয়াম ধাতু জাৰিত হৈ Na2O উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে।
(ii) কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ আৰু হাইড্ৰজেন জাৰিত হৈ H2O উৎপন্ন হৈছে।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post