-->

Sep 16, 2021

অখণ্ড সংখ্যা কাক বোলে? উদাহৰণ দিয়া

Q. অখণ্ড সংখ্যা (Integers) কাক বোলে? উদাহৰণ দিয়া 

 

Ans: সকলোবোৰ পূৰ্ণ সংখ্যা আৰু ঋণাত্মক স্বাভাৱিক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। 0, 1, 2,...,- 1, -2, 3 ...., আদি অখণ্ড সংখ্যা। অখণ্ড সংখ্যাক Z বা I ৰে সূচিত কৰা হয়।

 

অখণ্ড সংখ্যাৰ ধর্ম:

1.যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b বাবে a+b আৰু a - b উভয়েই অখণ্ড সংখ্যা

যিকোনো দুটা অখণ্ড সংখ্যা  a আৰু b বাবে  a + b = b + a  

 

2.যিকোনো অখণ্ড সংখ্যা  a,b আৰু c বাবে (a+b) + c = a+(b+c)  

 

3.প্ৰতিটোত অখণ্ড সংখ্যা a আৰু b বাবে , a + 0 = a = 0 + a,   b + 0 = b = 0 + b

 

4.যিকোনো অখণ্ড সংখ্যা a, b, c বাবে  ( a × b ) × c  = a × ( b × c )

 

5.এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পুৰণফল এটা ঋণাত্মক অখণ্ড সংখ্যা  আৰু আনহাতে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পুৰণফল এটা ধনাত্মক অখণ্ড সংখ্যা

উদাহৰণ স্বৰূপে - 3 × 9 = - 27 আৰু - 5 × -7 =  35 

 

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post