-->

Sep 20, 2021

অপৰিমেয় সংখ্যা কাক বোলে? উদাহৰণ দিয়া

Q. অপৰিমেয় সংখ্যা (Irrational Numbers) কাক বোলে? উদাহৰণ দিয়া 

 

Ans: যিবোৰ সংখ্যাক p/q আকাৰত প্রকাশ কৰিব নোৱাৰি য’ত p আৰু q অখণ্ড সংখ্যা, q≠0 তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বোলে। √2, √3, π, e, আদি অপৰিমেয় সংখ্যাৰ উদাহৰণ।

 

অপৰিমেয় সংখ্যাৰ ধৰ্ম:

1. এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল  বা বিয়োগফল  এটা অপৰিমেয় সংখ্যা।

 

2. যিকোনো দুটা বাস্তৱ সংখ্যাৰ মাজত অসীম সংখ্যক অপৰিমেয় সংখ্যা থাকে। 

 

3. যদি x, y ∈ R আৰু x + y এটা পৰিমেয় সংখ্যা, তেন্তে x, y উভয়ে পৰিমেয় বা অপৰিমেয় সংখ্যা। 

 

4. যদি x, y ∈ R আৰু xy এটা অশূন্য পৰিমেয় সংখ্যা, তেন্তে x, y উভয়ে পৰিমেয় বা অপৰিমেয় সংখ্যা।

 

5. যদি x এটা অপৰিমেয় সংখ্যা, তেন্তে -x, আৰু 1/x  ও অপৰিমেয় সংখ্যা।
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post