Q. বাস্তৱ সংখ্যা (Real Numbers) কাক বোলে? উদাহৰণ দিয়া ।
Ans: সকলোবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে। 2, √2, 5/7, 3/7 আদি বাস্তৱ সংখ্যাৰ উদাহৰণ।
বাস্তব সংখ্যাৰ ধর্ম:
1. x, y দুটা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত x > y , x = y , x < y
2. x, y, z এই তিনিটা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত
(i) যদি x < y আৰু y < z, তেন্তে x < z
(ii) যদি x > y আৰু y > z, তেন্তে x > z
3. যিকোনো তিনিটা বাস্তৱ সংখ্যা x, y আৰু z ৰ ক্ষেত্ৰত যদি x < y, তেন্তে x + z < y + z
4. যিকোনো তিনিটা বাস্তৱ সংখ্যা x, y আৰু z ৰ ক্ষেত্ৰত
যদি x < y, তেন্তে
(i) xz < yz যেতিয়া z > 0
(ii) xz > yz যেতিয়া z < 0
5. প্রতিটো বাস্তৱ সংখ্যা সংখ্যাৰেখাত এক অনন্য বিন্দুৰে উপস্থাপন কৰা হয় আৰু এয়া বিপৰীতভাৱেও প্ৰযোজ্য।