-->

Oct 10, 2021

সমসংস্থ অংগ আৰু সমবৃত্তিক অংগৰ সংজ্ঞা দিয়া

Q. সমসংস্থ অংগ আৰু সমবৃত্তিক অংগৰ সংজ্ঞা দিয়া । চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা। 

Explain the terms analogous organs and homologous organs with examples.


Ans: যিবিলাক অংগৰ উৎপত্তি আৰু মৌলিক গঠন একেধৰণৰ যদিও প্ৰাণীসমূহে সিহঁতৰ দ্বাৰা ভিন্ন কাৰ্য সমাধা কৰে, সেইবিলাক অংগক সমসংস্থ অংগ বোলে। যেনে- চৰাইৰ ডেউকা, ভেকুলী আৰু জেঠীৰ অগ্ৰপদ সমসংস্থ অংগ।

        আনহাতে যিবিলাক অংগ দেখিবলৈ একে আৰু একে কাৰ্য সমাধা কৰে, কিন্তু উৎপত্তি ভিন্ন হয় সেইবিলাক অংগক সমবৃত্তিক অংগ বোলে। যেনে- বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।

        চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব নোৱাৰি কাৰণ ইহঁত দেখিবলৈ একে আৰু একে কাৰ্য সমাধা কৰে যদিও ইহঁতৰ উৎপত্তি বেলেগ।

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post