-->

Nov 26, 2021

CBSE Class 10 Assamese Sample Paper 2021-22

CBSE Class 10 Assamese Sample Paper 2021-22

Comprehension (বোধ পৰীক্ষণ)
১/ তলত দিয়া দফাটো ভালদৰে পঢ়ি যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা:
সুভাষ চন্দ্ৰ বসু বিলাতত থকা সময়তে ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ প্ৰৱল জোৱাৰ উঠে। সেই জোৱাৰৰ অবাৰিত স্রোতে সুভাষৰ ষাধীনতা প্ৰয়াসী মন- দিগস্তত হাজাৰ উৰ্মিৰ খলকনি তোলে।১৯২১ চনত তেওঁ বিলাতৰ পৰা ঘূৰি আহে।লগে লগে তেওঁলৈ আহে চৰকাৰী উচ্চপদৰ উপঢৌকন।কিন্তু সকলোকে আচৰিত কৰি সুভাষে আই.চি এছ. ডিগ্ৰী পৰিত্যাগ কৰি মুক্তি সংগ্ৰামত জপিয়াই পৰে। আৰম্ভ হ'ল তেওঁৰ ৰোমাঞ্চকৰ ৰাজনৈতিক জীৱন।গান্ধীজীৰ পৰামৰ্শ ক্ৰমে চিত্তৰঞ্জন  দাসৰ শিষ্যত্ব গ্ৰহণ কৰি দেশ সেৱাৰ কঠোৰ অথচ সুবিমল দীক্ষাত দীক্ষিত হ'ল।দেশবন্ধুৰ পৰামৰ্শক্ৰমে সুভাষে জাতীয় শিক্ষালয়ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে। লগে লগে কংগ্ৰেছ কমিটীৰ প্ৰচাৰ সচিব পদতো তেওঁ অধিষ্ঠিত হয়।
 

Question (প্ৰশ্ন):
 

(ক) অসহযোগ আন্দোলন কাৰ নেতৃত্বত গঢ় লৈ উঠিছিল?
(i) চিত্তৰঞ্জন দাসৰ
(ii) মহাত্মা গান্ধীৰ
(iii) সুভাষ চন্দ্ৰ বসুৰ
(iv) দেশবন্ধুৰ


(খ) কিমান চনত সুভাষ চন্দ্ৰ বিলাতৰ পৰা ঘূৰি আহে?
(i) ১৯২০
(iii) ১৯২১
(iii)১৯২২
(iv)১৯২৩


(গ) দেশবন্ধু বুলি কাক কোৱা হয়?
(i) চিত্তৰঞ্জন দাসক
(ii) মহাত্মা গান্ধীক
(iii) সুভাষ চন্দ্ৰ বসুক
(iv) ওপৰৰ এটাও নহয়


(ঘ) কাৰ পৰামৰ্শত সুভাষ চন্দ্ৰই জাতীয় শিক্ষালয়ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে?
(i) চিত্তৰঞ্জন দাসৰ
(ii) মহাত্মা গান্ধীৰ
(iii) জৱাহৰলাল নেহৰুৰ
(iv) নেতাজীৰ

 

(ঙ) "পৰামৰ্শ" শব্দটোত কি উপসৰ্গ লগ লাগিছে?
(i) প্ৰ

(ii) পৰা
(iii) পৰি
(iv) পৰ

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post